ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 5, 2025 7:59 PM | Badminton

printer

ৰাজ্যত প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

ৰাজ্যত প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব। কামৰূপ জিলাৰ আমিনগাঁৱত হ’বলগীয়া এই প্রতিযোগিতাত ৪৩ খন দেশৰ ৪৫২ গৰাকী খেলুৱৈয়ে অংশ ল’ব। প্রতিযোগিতাৰ বাবে ইতিমধ্যে ৯ খন বেডমিণ্টন কোর্ট সাজু কৰি তোলা হৈছে বুলি আয়োজক সমিতিয়ে প্রকাশ কৰিছে। অহা ১৯ অক্তোবৰত এই প্রতিযোগিতাৰ সামৰণি পৰিব।