গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। বিবদমান ৯ খন পঞ্চায়তক বাদ দি অতিশীঘ্ৰে ৰাজ্যজুৰি পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব। শ্রীভূমি, কাছাৰ, হাইলাকান্দি আৰু মৰিগাঁৱক সামৰি এই বিষয়ত ৯ খন লেখ আবেদন দাখিল কৰা হৈছিল। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আদালতে এই সম্পৰ্কত পৰহি স্থগিত ৰখা ৰায়দান আজি প্ৰদান কৰে। এই ৰায় অনুযায়ী ৯ খন লেখ আবদনে সামৰি লোৱা অঞ্চলসমূহৰ বাদে আন পঞ্চায়ত সমূহত নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পাছত ব’হাগ বিহুৰ ওচৰে পাজৰে পঞ্চায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে। কামৰূপৰ চাংসাৰিত গৃহ সমষ্টি জালুকবাৰীৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে অৱগত কৰে । পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ন্যায়ালয়ে অনুমতি প্ৰদান কৰাৰ সমান্তৰালভাৱে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দৰং জিলাত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এখন সক্রিয়া কার্যকর্তা সভাত অংশগ্ৰহণ কৰে। বিজেপি নেতাগৰাকীয়ে সমাগত নিৰ্বাচনত দলটোৱে ঐক্যবদ্ধভাৱে যুঁজ দি জয় সুনিশ্চিত কৰিব বুলি মন্তব্য কৰে । বিৰোধী দল কংগ্ৰেছেও নির্বাচনী তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কোনো প্ৰকাৰৰ দুৰ্নীতিক প্রশ্রয় দিয়া নহ’ব বুলি মন্তব্য কৰে।
Site Admin | January 12, 2025 8:09 PM | Gauhati High Court Direction
ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি প্রদান