পঞ্চায়ত নিৰ্বাচনৰ যোৱা নিশালৈকে লাভ কৰা ভোটগণনাৰ তথ্য অনুসৰি বিজেপিয়ে বিভিন্ন জিলাত অগ্রগতি লাভ কৰিছে। যোৱা নিশা চাৰে ৯ বজালৈকে লাভ কৰা তথ্য অনুসৰি জিলা পৰিষদৰ মুঠ ৩৯৭ খন আসনৰ ভিতৰত বিজেপি মিত্রজোঁটে ২৮৩ খন আসনত জয় বা অগ্রগতি লাভ কৰিছে। ৫১ খনত কংগ্ৰেছ আৰু ৮ খন আসনত এ আই ইউ ডি এফ দলে অগ্রগতি লাভ কৰিছে। আঞ্চলিক পঞ্চায়তৰ ২ হাজাৰ ১৯২ খন আসনৰ ভিতৰত বিজেপিয়ে ৬৯০ খনত আৰু কংগ্ৰেছে ৫১ আৰু এ আই ইউ ডি এফে ১০ খন আসনত আগবাঢ়ি আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দলৰ ৰাজ্যিক সভাপতি দিলীপ কুমাৰ শইকীয়া আৰু দলৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাংসদ ভূৱনেশ্বৰ কলিতাৰ লগতে দলব শীর্ষ নেতাসকলৰ উপস্থিতিত সাংবাদিকৰ আগত এই কথা প্রকাশ কৰে। তেওঁ লগতে দলৰ বিজয়ৰ দিশে এই সন্তোষজনক অগ্রগতিত আনন্দ প্ৰকাশ কৰি ৰাজ্যখনৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি কেইবাখনো জিলাত বিজেপিয়ে অগ্রগতি লাভ কৰিছে। শিৱসাগৰ জিলাৰ ৩টা বিধানসভা সমষ্টিৰ ১২ খন জিলা পৰিষদৰ ১১ খনত বিজেপিয়ে অগ্রগতি লাভ কৰিছে।
শ্রীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে। জিলাখনৰ ৪টা বিধানসভা সমষ্টি— উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, পাথারকান্দি আৰু ৰামকৃষ্ণ নগৰক সামৰি ১৬ খন জিলা পৰিষদৰ দুখন আসন বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাবে লাভ কৰে। বাকী ১৪ খন জিলা পৰিষদ, ৯৬ খন আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড সদস্য পদৰ বাবে ১০ খনকৈ গণনামেজত গণনা চলি আছে। শেহতীয়া তথ্য অনুসৰি আসনসমূহত শাসকীয় দলৰ আধিপত্য অব্যাহত আছে।
ধেমাজি জিলাৰ শেহতীয়া ফলাফল অনুসৰি দুখন জিলা পৰিষদ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷ শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিত ৪খন জিলা পৰিষদ, ১৯ খন আঞ্চলিৰ পঞ্চায়ত আৰু ১৯০টা ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীসকলে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। দুটা ৱাৰ্ডত বিজেপি প্রার্থী বিপুল ভোটত জয়লাভ হৈছে। লখিমপুৰ জিলাতো ১৯ খন জিলা পৰিষদ, ৮২ খন আঞ্চলিক পঞ্চায়ত ৭৯১ ৱাড সদস্য পদৰ বাবে ভোটগণনা চলি আছে। গণনা অব্যাহত থকা ১৯ খন জিলা পৰিষদৰ প্ৰায়কেইখনতে শাসকীয় দল আগবাঢ়ি আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। নগাঁও জিলাত নিৰ্বাচনৰ শেহতীয়া তথ্য অনুসৰি ৯ খন জিলা পৰিষদ আসনত শাসনাধিষ্ঠ বিজেপি মিত্রজোঁট বিজয়ৰ দিয়ে অগ্ৰসৰ হৈছে। ৬ খন আসনত বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ১২ খন আসনত কংগ্ৰেছ দলে অগ্রগতি লাভ কৰিছে। কামৰূপ জিলাৰ ৪ খন জিলা পৰিষদৰ আসনত বিজেপি প্রার্থীয়ে জয়লাভ কৰিছে। বৰপেটা জিলাৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি জিলা পৰিষদৰ ৫ খন আসনৰ ফলাফল পোৱা গৈছে। ইয়াৰে বিজেপিয়ে ৩ খন, অসম গণ পৰিষদে এখন আৰু কংগ্ৰেছ দলে এখন আসন লাভ কৰিছে। জিলাখনত গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ভোটগণনা চলি আছে।
Site Admin | May 12, 2025 11:48 AM | assam panchayat election
ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অব্যাহত
