ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিদিনে দলীয় প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই জিলাখনৰ টিংখং বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। এই উপলক্ষে টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভাত তেওঁ বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। এই নির্বাচনী সভাত মন্ত্ৰী বিমল বৰা, প্রশান্ত ফুকনৰ লগতে জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়ক, জিলা সভাপতি, সম্পাদক উপস্থিত থাকে। শিৱসাগৰ নগৰৰ সমীপৰ দৰিকাপাৰ নাওজান গাঁৱত মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পীযূষ হাজৰিকাই নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি নেতা হাজৰিকাই পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজলৈ আহ্বান জনায়। প্ৰচাৰ সভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিত থাকে। শিক্ষামন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডা০ ৰণোজ পেগুৱে আজি ধেমাজিৰ দিৰপাই মহৰীকেম্প, চিচিবৰগাঁৱৰ যোৰকটা আৰু মাছখোৱাত নিৰ্বাচনী প্ৰচাৰ চলায়। নেতাগৰাকীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়।
মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত মল্লবৰুৱাই আজি বৰপেটা জিলাত তিনিখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীমল্লবৰুৱাই বামুন্দী, সাতভনীটুপ আৰু চেনিমাৰিত প্ৰচাৰ চলাই বিজেপি আৰু মিত্ৰদল অগপ প্রার্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়।
অহা ৭ মে’ত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে কামৰূপ জিলাত ৰাজনৈতিক দলসমূহে তীব্ৰ প্ৰচাৰ চলাইছে। ৰঙিয়া বিধানসভা সমষ্টিত নতুনকৈ গঠন হোৱা হাজো সাতডলাত
বিধায়ক ভৱেশ কলিতাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কমলপুৰ বিধানসভা সমষ্টিত বিধায়ক দিগন্ত কলিতাই বিজেপি আৰু মিত্ৰদল অগপৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। কামৰূপ জিলাত পঞ্চায়ত ৱাৰ্ড সদস্য প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হোৱাত প্ৰতিজন সদস্য ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। শোণিতপুৰৰ বৰচলাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। ধেমাজি জিলাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলীয় প্ৰাৰ্থীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপি মিত্ৰজোঁটক উৎখাত কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক ভোট দিবলৈ লুৰীণজ্যোতি গগৈয়ে আহ্বান জনায়। অসম জাতীয় পৰিষদৰ নেতাজনে প্রায় ৫০ কিলোমিটাৰ মটৰচাইকেল সমদলত অংশগ্ৰহণ কৰি বিৰোধী সমৰ্থিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক