ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল পৰ্বৰ আজি সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে।
অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে দ্বিতীয়খন প্রার্থী তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণ শক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মিত্ৰজোঁটৰ অগপই নিজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচন খেলিব যদিও ৰাভা হাচং যৌথ মঞ্চ আৰু গণশক্তিয়ে বিজেপিৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। এই নিৰ্বাচনত ৩৯৭ খন জিলা পৰিষদৰ আসনৰ ভিতৰত ৩২৩ খন আসনত বিজেপি মিত্রজোঁটে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰে ৭৪ খন আসন মিত্ৰদল অগপক প্ৰদান কৰা হৈছে ১৭২ খন আসনত মিত্ৰজোঁটৰ মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ হৈ ২৭ খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াইও অর্ধ শতাধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বুলি দলটোৱে জানিবলৈ দিছে। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই ৷ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগত গুৰুত্বপূৰ্ণ নিৰ্বাচনী কুচকাৱাজ হিচাপে পৰিগণিত হোৱা পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু ৰাজ্যৰ অন্যান্য বিৰোধী দলসমূহ একত্রিত হ’ব বুলি আশা কৰা হৈছিল যদিও এতিয়ালৈকে তেনেধৰণৰ কোনো বুজাবুজি পৰিলক্ষিত হোৱা নাই। অৱশ্যে শিৱসাগৰ জিলাত পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপি মিত্ৰজোঁটৰ লগতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰো তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিগত লোকসভা নিৰ্বাচনত শিৱসাগৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিত উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হোৱা কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনত এই ফলাফলৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱা নাই যদিও জিলাখনত জিলা পৰিষদৰ ১২ খন আসনত কংগ্ৰেছ সমৰ্থিত ১২ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিবলৈ পোৱা গৈছে। শাসকীয় দল বিজেপিয়েও সাংগঠনিক ভেটি শক্তিশালী কৰি পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ প্ৰচেষ্টা চলাইছে। ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই, গণশক্তি ইত্যাদি দলসমূহেও সমর্থিত প্রার্থী পঞ্চায়ত নিৰ্বাচনত প্ৰক্ষেপ কৰিছে।
নগাঁও জিলাত ২৭ খন জিলা পৰিষদৰ আসনৰ ১৯ খনত বিজেপিয়ে প্রার্থিত্ব দিছে। মিত্রদল অগপই ৮ খন আসনত প্রার্থিত্ব ঘোষণা কৰিছে। গণ শক্তিয়ে জোনাইৰ ৪ খন, মাজুলী আৰু ঢকুৱাখনাত এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতিয়ে গোৱালপাৰা আৰু দক্ষিণ শালমাৰাত প্ৰতিদ্বন্দ্বিতা কৰিব। মৰিগাঁও জিলাত দ্বিতীয় পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে কালি জাগীৰোড সমষ্টিৰ ২৮টা আঞ্চলিক পঞ্চায়ত আৰু ৪টা জিলা পৰিষদৰ বাবে প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মন্ত্রী পীযূষ হাজৰিকাৰ উপস্থিতিত সমদল উলিয়াই প্ৰাৰ্থীসকলে জাগীৰোড সমজিলাৰ কাৰ্যালয় আৰু মায়ং খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে।
মানকাচৰ আৰু জৰুৱা বিৰচিং সমষ্টিৰ ৭২টা আঞ্চলিক পঞ্চায়ত আৰু ৮ খন জিলা পৰিষদৰ বাবে বিজেপি আৰু অগপৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে।
Site Admin | April 11, 2025 11:08 AM | Panchayat Election
ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল পৰ্বৰ আজি সামৰণি
