December 11, 2025 7:28 PM | By-cycle Distribution

printer

ৰাজ্যত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী, প্ৰাদেশিকীকৃত আৰু চাহ বাগিচা আদর্শ বিদ্যালয়ত অধ্যয়নবত ৩ লাখ ১০ হাজাৰৰো অধিক শিক্ষার্থী লাভান্বিত হ’ব। ড০ শৰ্মাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমোল পৰিৱৰ্তনৰ লগতে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতমুখী যাত্ৰাত প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। বর্তমান সময়ত আধাতে বিদ্যালয় এবা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বহু পৰিমাণে কম হোৱাটো বাজ্যৰ শিক্ষা ক্ষেত্ৰৰ বাবে ইতিবাচক লক্ষণ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। দূৰণিবটীয়া বিদ্যালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰত সুবিধা প্রদানেৰে ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মীয়া অধ্যয়ন সহজ কৰি তোলাৰ দিশত এই চাইকেল বিতৰণ আঁচনি যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে বিদ্যালয়সমূহৰ উন্নীতকৰণৰ জৰিয়তে ছাত্র-ছাত্রীসকলক উন্নত শিক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা লৈছে বুলি উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে ছাত্র-ছাত্রীসকলক মোবাইল ফোনৰ সদ্ ব্যৱহাৰেৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভূগোল, বুৰঞ্জী, বিজ্ঞান, ক্রীড়াকে ধৰি নতুন নতুন তথ্য আৰু জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয়, যে বিদ্যালয়ত শিক্ষকৰ উপস্থিতিৰ দৰে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো একেই নিয়ম প্রযোজ্য হ’ব আৰু বিদ্যালয়ত উপস্থিত নথকা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকলৈ স্বয়ংক্রিয়ভাৱে মেছেজ যাব। আজিৰ অনুষ্ঠানত শিক্ষা সচিব নাৰায়ণ কোঁৱৰ, মন্ত্ৰী বিমল বৰা, যোগেন মহনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।