ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত নেৰেনেপেৰা বৰষুণৰ ফলত বিভিন্ন নৈ-উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি

■ কেইবাদিন ধৰি ৰাজ্যত হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত বিভিন্ন নৈ-উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বৰষুণ অব্যাহত থাকিব। অহা তিনি- চাৰিদিনৰ ভিতৰত কেৰালাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো দক্ষিণ-পশ্চিম মৌচুমী বতাহ প্ৰৱেশ কৰিব। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি ২০০৯ চনৰ পিছত ভাৰতৰ মূল ভূখণ্ডত এয়াই হ’ব মৌচুমী বতাহৰ আগতীয়া আৰম্ভণি। সাধাৰণতে ১ জুনৰ ভিতৰত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কেৰালাত প্ৰৱেশ কৰে আৰু ৮ জুলাইৰ ভিতৰত সমগ্ৰ দেশতে এয়া বিয়পি পৰে।
ইপিনে কপিলীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে নীপকোৱে খানদং প্রকল্পৰ ৭ খন গে’ট খুলি দিয়াৰ ফলত কামপুৰত পৰহিৰ পৰা বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। নৈপৰীয়া ৰাইজক সকাহ দিবলৈ জলসম্পদ বিভাগে গাৰোখুন্দাৰ পৰা গোসাঁইগাঁওলৈকে নিৰ্মাণ কৰা মথাউৰিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও অঞ্চলবাসী এতিয়াও শংকামুক্ত হ’ব পৰা নাই।
ৰাজ্য চৰকাৰে বাৰিষা কালৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বানৰ আগতীয়া প্ৰস্তুতিৰ অংশ হিচাপে ৩৫ খন জিলা আৰু ৩৯ খন সমজিলাৰ বাবে ১০০ কোটি টকা মোকলাই দিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে বান প্রস্তুতি সন্দৰ্ভত ইতিমধ্যে কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে আৰু সম্ভাব্য বান পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে ল’বলগীয়া ব্যৱস্থা সম্পর্কে জিলা আয়ুক্তসকলক যাৱতীয় নির্দেশনা দিয়া হৈছে।