July 15, 2024 7:59 PM | CM Meet

printer

ৰাজ্যত দৰিদ্ৰতা ৩৬ শতাংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস পাইছে : মুখ্যমন্ত্ৰী

ৰাজ্যত দৰিদ্ৰতা ৩৬ শতাংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত প্ৰকাশ কৰে। দিছপুৰত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিভিন্ন হিতাধিকাৰীৰ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ সমৰ্থ হৈছে। নিটি আয়োগে কালি প্ৰকাশ কৰা বহনক্ষম উন্নয়নৰ লক্ষ্য সম্বন্ধীয় সূচক বৃদ্ধি পোৱা প্ৰসংগতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। নিটি আয়োগৰ বহনক্ষম উন্নয়নৰ লক্ষ্য সম্বন্ধীয় সূচকত অসমৰ স্কৰ ৭১ লৈ বৃদ্ধি পোৱাটো ইতিবাচক দিশ বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে, নিযুত মইনা, অৰুণোদয়, নতুন মহাবিদ্যালয় স্থাপন, ছাত্রীক স্কুটী বিতৰণ আদি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিয়ে বহনক্ষম উন্নয়নৰ লক্ষ্য সম্বন্ধীয় সূচক বৃদ্ধি কৰে।