September 8, 2024 7:23 PM | Mission basundhara 3

printer

ৰাজ্যত তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ কাম-কাজ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব

ৰাজ্যত তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ কাম-কাজ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজহ বিভাগৰ এখন কৰ্মশালাত এই কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত থাকি যোৱা আবেদনকাৰীসকলৰ আবেদন তৃতীয় পৰ্যায়ত পৰীক্ষণ কৰা হ’ব। তদুপৰি তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত সামাজিক সংস্থা, শিক্ষানুষ্ঠান, দেৱোত্তৰ বৰ্ডৰ ভূমি ম্যাদী পট্টাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ কাম নিৰ্দিষ্ট সময়সীমাত আবদ্ধ হৈ নাথাকে। শেষৰখন আবেদন নিষ্পত্তি নোহোৱালৈকে তৃতীয় পৰ্যায়ৰ কাম অব্যাহত থাকিব। ভূমি সম্পৰ্কীয় সকলো কাম ৰাজ্য চৰকাৰে গুৱাহাটীৰ পৰাই তদাৰক কৰিব বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। উল্লেখযোগ্য যে শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ কাম-কাজক লৈ বিশেষ কর্মশালা অনুষ্ঠিত হৈছে। আজি দ্বিতীয়দিনাৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজহ মন্ত্ৰী যোগেন মহনে কর্মশালাত অংশগ্ৰহণ কৰি বিভাগীয় কাম-কাজৰ সন্দৰ্ভত নীতি-নিৰ্দেশনা স্পষ্ট কৰি দিয়ে। এই অনুষ্ঠানত ৰাজহ বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে প্ৰতিখন জিলাৰ আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তৰ উপৰি চক্ৰ বিষয়াসকল উপস্থিত থাকে। জিলা আয়ুক্তসকলে মিছন বসুন্ধৰা ৰূপায়ণৰ ক্ষেত্ৰত সততে সন্মুখীন হোৱা সমস্যাসমূহ বিভাগীয় শীর্ষ আমোলা বিষয়াক অৱগত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।