ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি

● ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে। দৰং জিলাত কালি এই ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যখনত চলিত বছৰত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ লৈ বৃদ্ধি হৈছে। নামনি অসমৰ চিৰাং, নলবাৰী, দৰঙৰ লগতে উজনি অসমৰ গোলাঘাট, ধেমাজি, শিৱসাগৰ আৰু শোণিতপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত বহুলোক আক্রান্ত হৈছে। একেদৰে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাতো কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। ৰাজ্যত এতিয়ালৈ আঢ়ৈশৰো অধিক লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। দৰং জিলাত পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ টেঙেৰা গাঁৱত এজন লোকৰ কালি এই ৰোগত মৃত্যু হয়। গুৰুতৰ লক্ষণযুক্ত এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৱা সপ্তাহত জিলাখনত আন এজন লোকৰ মৃত্যু হৈছিল। বিভাগীয় সূত্র অনুসৰি কালি পর্যন্ত জিলাখনত জাপানীজ এনকেফেলাইটিছত ১৬ জন আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ৩২ জন লোক আক্ৰান্ত হৈছে।

চিৰাং জিলাত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়া ৰোগত চলিত বছৰত ৪১১ জন লোক আক্ৰান্ত হৈছে। ইয়াৰে ৪০৫ জন মেলেৰীয়াত আৰু ছজন লোক এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে।
কাৰ্বি আংলঙত এই ৰোগত আক্ৰান্ত হৈ দুগৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱায়। বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত এই ৰোগত আক্ৰান্ত হৈ ৯ টি শিশু চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে। হোজাই জিলাত ৩ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। আটাইকেইজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে আৰু সুস্থ হৈ উঠিছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনৰ স্বাস্থ্য বিভাগে এই ৰোগৰ উপৰি মেলেৰীয়া ৰোগৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰিবলৈ ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে।
তিনিচুকীয়া জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জয়ন্ত ভট্টাচার্যই কালি জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ আৰু গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত এখন সংবাদমেলযোগে অৱগত কৰে। তেওঁ এই ৰোগৰ পৰা হাত সৰাৰ বাবে প্ৰতিষেধক আৰু মহ নিয়ন্ত্ৰণ আটাইতকৈ শক্তিশালী ব্যৱস্থা বুলি সংবাদমেলত উল্লেখ কৰে। তদুপৰি জ্বৰ, মূৰৰ বিষ, বমি, টোপনি অহা আদি লক্ষণ দেখা দিলে ততালিকে চিকিৎসকৰ কাষ চাপিবলৈ বিষয়াগৰাকীয়ে পৰামৰ্শ দিয়ে।

অধিক পঢ়ক

সকলো চাওক