ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত গৰমৰ প্রকোপ অব্যাহত

● ৰাজ্যত একেৰাহে আজি তৃতীয় দিনাও গৰমৰ প্রকোপ অব্যাহত আছে। কালি যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, মাজবাটত পাৰাস্তম্ভই ৩৭ ডিগ্রী ছেলছিয়াছ অতিক্ৰম কৰিছিল। লখিমপুৰত কালি সর্বোচ্চ উষ্ণতা আছিল ৩৮ ডিগ্রী ছেলছিয়াছ। আর্দ্রতা বৃদ্ধিৰ বাবেই ৩৬ ডিগ্রী ছেলছিয়াছ উষ্ণতাতো ৪৩ ডিগ্রী ছেলছিয়াছ উষ্ণতাৰ দৰে অনুভৱ হৈছে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড° গায়ত্রী কলিতাই প্ৰকাশ কৰিছে। ড° কলিতাই প্রকাশ কৰা মতে আজিৰেপৰা অসম আৰু অৰুণাচলৰ দুই-এঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৬ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৬ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কাইলৈৰ পৰা পশ্চিম অসমৰ ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, কোকৰাঝাৰ, মধ্য অসমৰ পশ্চিম কাৰ্বি আংলং, পূব কাৰ্বি আংলং, গোলাঘাট, উত্তৰ-পূব অসমৰ ধেমাজি, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, শ্রীভূমি জিলাৰ ঠাই বিশেষে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই আগলি বতৰা প্ৰকাশ কৰিছে। গ্রীষ্মৰ প্ৰকোপত কালি ৰাজ্যৰ বিভিন্ন অঞ্চলত তিনিগৰাকী লোকৰ মৃত্যু হয়। দুলীয়াজান অইলৰ কেন্দ্ৰীয় অগ্নি নির্বাপক বাহিনীৰ কাৰ্যালয়ৰ নিচেই সমীপতে গৰমৰ প্ৰকোপত দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ অস্থায়ী শ্রমিক এগৰাকীৰ মৃত্যু হয়। মৃত শ্রমিকজন বাইহাটা চাৰিআলিৰ ননৰা গাঁৱৰ জগদীশ কলিতা বুলি চিনাক্ত কৰা হৈছে। হাজো থানাৰ অন্তৰ্গত দামপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী আলতাব হুছেইনৰ তীব্ৰ গৰম সহিব নোৱাৰি মৃত্যু হোৱা বুলি চিকিৎসকে পৰিয়ালক জানিবলৈ দিয়ে। গোৱালপাৰা জিলাৰ মাটিয়াতো কালি উৎকট গৰমৰ ফলত নকিবুজ জামান নামৰ এজন লোকৰ মৃত্যু হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।