ৰাজ্যত গোপনে কাম কৰি যোৱা বহিঃৰাষ্ট্ৰৰ মৌলবাদী শক্তিক অপাৰেচন প্ৰতিঘাতৰ জৰিয়তে উৎখাত কৰা বুলি মহানগৰ আৰক্ষী আয়ুক্তৰ প্ৰকাশ

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যত গোপনে কাম কৰি যোৱা বহিঃৰাষ্ট্ৰৰ মৌলবাদী শক্তিক অপাৰেচন প্ৰতিঘাতৰ জৰিয়তে উৎখাত কৰা বুলি প্ৰকাশ কৰিছে। কালি মুকলি কৰা মহানগৰ আয়ুক্তৰ নতুন কাৰ্যালয়ত সম্বোধন কৰা প্ৰথমখন সংবাদমেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, যে দেশৰ আন দুই ৰাজ্যৰ লগতে অসমতো বাংলাদেশী মৌলবাদীৰ বিৰুদ্ধে অভিযান চলিছে। অপাৰেচন প্ৰতিঘাত নামেৰে চলা আৰক্ষীৰ এই অভিযানত স্পেচিয়েল টাস্ক ফৰ্চে ১১টাকৈ বাংলাদেশী মৌলবাদী গ্ৰেপ্তাৰ কৰে। ৰাজ্যৰ দৰং, চিৰাং, বৰপেটা আৰু বাক্সা জিলাত অপাৰেচন প্ৰতিঘাত অভিযান চলোৱা হৈছিল। অসমত মৌলবাদী কার্যকলাপ বিয়পোৱাৰ কৌশল ৰচা তামিম ইছলাম নামৰ মৌলবাদীটোকো এছ টি এফে গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে এছ টি এফে অসমত বাহৰ পাতি মৌলবাদ বিয়পোৱাৰ চেষ্টা কৰা জামাত-উল-মুজাহিদ্দিনৰ দহটাকৈ সদস্যক গ্ৰেপ্তাৰ কৰে। এনে মৌলবাদীৰ বিৰুদ্ধে এছ টি এফে ত্ৰিপুৰা আৰু পশ্চিমবংগতো অভিযান চলোৱা হৈছিল। গ্ৰেপ্তাৰ হোৱা মৌলবাদী সদস্যকেইজনৰ পৰা বহু আপত্তিজনক সামগ্রী জব্দ কৰা বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। ধৃত জামাত-উল-মুজাহিদ্দিন বাংলাদেশৰ সদস্যকেইজনে মূলত ডিজিটেল জেহাদেৰে ৰাজ্যৰ যুৱ প্ৰজন্মক লক্ষ্য কৰি লৈছিল। ডিজিটেল জেহাদেৰে অসমত ধন সংগ্ৰহ কৰি বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ইমাম মেহমুদ্দাৰ কাফিলা চমুকৈ আই এম কে, আনছাৰুল্লাহ বাংলা টীম চমুকৈ এ বি টি, কায়দা ইণ্ডিয়ান ছাবকণ্টিনেণ্ট চমুকৈ এ কিউ আই এছ আদি মৌলবাদী সংগঠনে অসম তথা ভাৰতক অশান্ত কৰাৰ লক্ষ্যৰে কাম কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।