ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ বাবে চৰকাৰে প্ৰস্তুতি চলাই আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যত বৰষুণ নহ’লে খৰাং পৰিস্থিতি ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে। বৰষুণৰ অভাৱত খেতি-পথাৰত চিৰাল ফাঁট মেলাত কৃষকে ভুঁই ৰুব নোৱাৰা অৱস্থাৰ সৃষ্টি হোৱা সন্দৰ্ভত কালি সাংবাদিকৰ আগত উল্লেখ কৰি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে ৰাজ্যৰ শেহতীয়া খৰাং পৰিস্থিতি সন্দৰ্ভত চৰকাৰে নজৰ ৰাখিছে। সাধাৰণতে অসমত আগষ্টলৈকে কঠীয়া পাৰিব পাৰি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে যদি বৰষুণ নহয়, তেতিয়াহ’লে চৰকাৰে ৰাজ্যত আনুষ্ঠানিকভাৱে খৰাং পৰিস্থিতি ঘোষণা কৰিব লাগিব। ইতিমধ্যে ইয়াৰ বাবে চৰকাৰে প্ৰস্তুতিও চলাই আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। খৰাং পৰিস্থিতি ঘোষণা হ’লে প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা কৃষকসকলক ৰাজ্য চৰকাৰে সহায় কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৰাজ্যত অস্বাভাৱিকভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত ২৭ খন জিলাৰ ঠায়ে ঠায়ে খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰে ১৪ খন জিলাত বৰষুণ যথেষ্ট হ্ৰাস পোৱাৰ লগতে ১৩ খন জিলাত বৰষুণ পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে। যাৰবাবে এই জিলাকেইখনৰ কৃষকসকল তীব্ৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই গৃহমন্ত্রী অমিত শ্বাহক নতুন দিল্লীত সাক্ষাৎ‍ কৰি ৰাজ্যৰ শেহতীয়া খৰাংসদৃশ পৰিস্থিতিৰ বিষয়ে ইতিমধ্যে অৱগত কৰিছে। ৰাজ্যত খৰাংসদৃশ পৰিস্থিতিয়ে দেখা দিলে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি শিতানৰ পৰা অসমক সহায় কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক মন্ত্ৰী শ্ৰী মহন্তই অনুৰোধ জনাইছে। এই সন্দৰ্ভত ৰাজহ মন্ত্ৰীগৰাকীয়ে গৃহমন্ত্ৰীৰ হাতত এখন পত্ৰও অৰ্পণ কৰিছে। যোৱা বৃহস্পতিবাৰে ৰাজহ মন্ত্ৰী কেশৱ মহন্তই গৃহমন্ত্ৰী শ্ৰী শ্বাহক সাক্ষাৎ কৰাৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত সকলোধৰণৰ সহযোগিতাৰ আশ্বাস দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।