ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত কালি শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন

অসমৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কালি ৰাজ্যৰ চাৰিটা সমষ্টিত শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হয়। নির্বাচন আয়োগে কালি মাজনিশা প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৮১.৭-১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। প্ৰতিকূল বতৰৰ মাজতো কালি ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত ভোটদাতাসকলে পুৱাৰে পৰা দীঘলীয়াকৈ শাৰী পাতি ভোটদান কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে এইটো পৰ্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই পৰ্যায়ত ৰাজ্যৰ মুঠ ৯ হাজাৰ ৫১৬ টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ কৰা হয়৷ আকাশবাণীৰ বৰপেটাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জিলাখনৰ চাৰিটা বিধানসভা সমষ্টি মন্দিয়া, চেঙা, বৰপেটা আৰু পাকা বেতবাৰীৰ কোনো কোনো ভোটগ্রহণ কেন্দ্ৰত কালি নিশা ১০ বজা পর্যন্ত ভোটগ্রহণ কৰিবলগীয়া হয়। জিলাখনৰ ৰিটাৰ্ণিং বিষয়া তথা জিলা আয়ুক্ত আয়ুষ গাৰ্গৰ উদ্ধৃতিৰে প্ৰকাশ পোৱা বাতৰিটোৰ মতে এই কেন্দ্ৰসমূহত ৮০. ৮ শতাংশৰ পৰা ৮৭.৬-৯ শতাংশ পর্যন্ত ভোটদান সম্পন্ন হয়।