ৰাজ্যত কালিৰেপৰা ১১ আগষ্টলৈ আয়োজন কৰা শিক্ষা সপ্তাহৰ অংশ হিচাপে মৰিগাঁও জিলাতো কাৰ্যসূচী গ্ৰহণ

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কালিৰেপৰা ১১ আগষ্টলৈ আয়োজন কৰা শিক্ষা সপ্তাহৰ অংশ হিচাপে আজি মৰিগাঁও জিলাত কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাখনত আজি সমগ্ৰ শিক্ষা বিভাগে নডেল শিক্ষকসকলৰ বৃত্তিমুখী পৰামৰ্শ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত চাংসাৰিৰ চেণ্ট্ৰেল ইন্‌ষ্টিটিউট অব্ পেট্‌’কেমিকেল ইঞ্জিনীয়াৰিং এণ্ড টেক্‌’ল’জী অর্থাৎ ছিপেটৰ কাৰিকৰী নিৰ্দেশকসকলে সমল ব্যক্তিৰূপে অংশ লৈছে। জিলাখনৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ১২৫ গৰাকী শিক্ষকে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত মৰিগাঁও জিলা শিক্ষা বিভাগৰ বিষয়াসকলৰ উপৰি চিপেটৰ শৈক্ষিক সমন্বয়ক প্রাঞ্জল গোস্বামী প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তিয়ে ভাষণ দিয়ে। উল্লেখযোগ্য যে সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্ৰতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কালিৰ দিনটো শিক্ষণ-শিকন সামগ্ৰীৰ দিন, আজি এফ এল এন দিন, কাইলৈ ক্ৰীড়া দিন, পৰহিলৈ সাংস্কৃতিক দিন, ৯ আগষ্টত দক্ষতা আৰু ডিজিটেল পদক্ষেপ দিন, ১০ আগষ্টত বিদ্যালয় পৰিপুষ্টি দিন আৰু ১১ আগষ্টৰ দিনটো সামুহিক দিন হিচাপে পালন কৰিবলৈ বিদ্যালয়সমূহক নির্দেশ দিয়া হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ জৰিয়তে শিক্ষাক্ষেত্ৰলৈ অহা পৰিৱৰ্তন তথা সাফল্যসমূহক এই কাৰ্যসূচীৰ জৰিয়তে প্রতিফলিত কৰিব বিচৰা হৈছে।