ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2025 12:39 PM | adre rpassed

printer

ৰাজ্যত এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাত ১৩,৯৯,৮৯৮গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫,০২৩ গৰাকী উত্তীৰ্ণ

ৰাজ্যত কালি ঘোষিত এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল অনুসৰি ১৩ লাখ ৯৯ হাজাৰ ৮৯৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫ হাজাৰ ২৩ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেলত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ ড° বি কল্যাণ চক্ৰৱৰ্তীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ৪১টা বিভাগত প্রয়োজনীয় এই পদসমূহৰ বাবে যোৱা বছৰৰ ২৭ অক্টোবৰত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। লিখিত পৰীক্ষাত অৱতীৰ্ণ মুঠ প্ৰাৰ্থীৰ ভিতৰত ৯ হাজাৰ ৭৬২ গৰাকীক মৌখিক পৰীক্ষাৰ বাবে বাছনি কৰা হৈছিল। মৌখিক পৰীক্ষাত বাছনি লাভ কৰা ৫ হাজাৰ ২৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ এহেজাৰ ৮৭ গৰাকী আৰু আই টি আই উত্তীৰ্ণ এহেজাৰ ৮৩৩ গৰাকী প্ৰাৰ্থী আছে বুলি তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।