ৰাজ্যত উচ্ছেদ অভিযান নিৰন্তৰ চলি থাকিবঃ মুখ্যমন্ত্ৰী

ৰাজ্যত উচ্ছেদ অভিযান নিৰন্তৰ চলি থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। গোৱালপাৰা জিলাৰ দুধনৈত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত দুধনৈ বিধানসভা সমষ্টিৰ ২৮ হাজাৰ ৯৩ গৰাকী মহিলাৰ মাজত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত কমেও ১২ লাখ বিঘা দখলিকৃত ভূমি আছে। এই ভূমি পর্যায়ক্রমে দখলমুক্ত কৰা হ’ব বুলি ড° শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অনুপ্রবেশকাৰীক চিনাক্ত কৰি দেশৰ পৰা বহিস্কাৰ কৰা কাৰ্যও চলি থাকিব মন্তব্য কৰে।

ইপিনে, হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ আজি দ্বিতীয় দিনাও অব্যাহত আছে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা এহেজাৰ ২৫০ টা পৰিয়ালৰ ভিতৰত এহেজাৰ ৯৮টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য লোৱা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত এহেজাৰ ২০০ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। ইয়াৰে ১৫০টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমিত উচ্ছেদ স্থগিত ৰখা হৈছে। উচ্ছেদথলীত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰবাবে কেইবাশ আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান নিয়োগ কৰা হৈছে।