ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত আজিৰেপৰা বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ পইচাৰ পৰা এটকালৈকে হ্ৰাস

ৰাজ্যত আজিৰেপৰা বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ পইচাৰ পৰা এটকালৈকে হ্ৰাস কৰা হৈছে। ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত এটকাকৈ আৰু উদ্যোগ, কাৰখানা, কৃষি ইত্যাদি বাণিজ্যিক সংযোগ থকা গ্ৰাহকসকলৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ২৫ পইচাকৈ মাচুল হ্ৰাস পাইছে। অৱশ্যে গ্ৰাহকসকলে মে’ মাহৰ মাচুলতহে ইয়াৰ প্ৰতিফলন দেখা পাব। অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড এ পি ডি চি এলে আজিৰেপৰা তিনি তৰপীয়া নিৰিখত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিব। এই অনুসৰি দিনৰ সময়, সন্ধিয়া আৰু নিশা এই তিনিটা ভাগত পৃথক পৃথককৈ বিদ্যুৎ মাচুল সংগ্ৰহ কৰা হ’ব। অৱশ্যে গ্ৰাহকে ইচ্ছা কৰিলেহে এই তিনি তৰপীয়া পদ্ধতিৰে মাচুল আদায় দিব পাৰিব। পূৰ্বৰ দৰে দিনটোৰ বাবে এটা নিৰিখতে মাচুল আদায় দিয়াৰ বিকল্পও এ পি ডি চি এলে গ্ৰাহকৰ বাবে ৰাখিছে। গ্ৰাহকে বিচাৰিলে শক্তি বিভাগে তেওঁলোকৰ মিটাৰত তিনি তৰপীয়া মাচুলৰ সেৱা সংযোগ কৰিব। তিনি তৰপীয়া পদ্ধতিৰ অধীনত নমেল আৱাৰত অৰ্থাৎ‍ নিশা ১০ বজাৰ পৰা পুৱা ৯ বজালৈ সাধাৰণ নিৰিখত মাচুল সংগ্ৰহ কৰা হ’ব। পুৱা ৯ বজাৰ পৰা ৫ বজালৈ ছ’লাৰ আৱাৰ হিচাপে অভিহিত কৰাৰ সময়খিনিত ২০ শতাংশ মাচুল কমকৈ দিব লাগিব। ইপিনে, আবেলি ৫ বজাৰ পৰা নিশা ১০ বজালৈ পিক আৱাৰত বিদ্যুৎ মাচুল সাধাৰণ নিৰিখৰ ১২০ শতাংশ হ’ব। উল্লেখযোগ্য যে অহা নৱেম্বৰ-ডিচেম্বৰত সাধাৰণ গ্ৰাহকৰ বাবে বিদ্যুতৰ মাচুল পুনৰ এটকা হ্ৰাস পাব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজিও বিশ্বনাথত ঘোষণা কৰে।

অধিক পঢ়ক

সকলো চাওক