ৰাজ্যত অহা ১০ অক্টোবৰৰ ভিতৰত পুনৰ ৪০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ’বঃ মুখ্যমন্ত্রী

ৰাজ্যত অহা ১০ অক্টোবৰৰ ভিতৰত পুনৰ ৪০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ’ব বুলি আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কেইবাটাও বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। উল্লেখযোগ্য যে এই অনুষ্ঠানত পশু পালন আৰু পশু চিকিৎসা বিভাগত ৪৪৩ গৰাকী পশু চিকিৎসা ক্ষেত্র সহায়ক, পর্যটন বিভাগত ১২ গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত ২৩ গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা ৩ গৰাকী ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই নিযুক্তি স্বচ্ছ, মেধা আৰু যোগ্যতা ভিত্তিত সম্পন্ন হৈছে বুলি তেওঁ ভাষণ প্ৰসঙ্গত কয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কালি পর্যন্ত বিভিন্ন বিভাগত এক লাখ ২০ হাজাৰ ৩৫৯ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। ভাষণত ড০ শৰ্মাই কুকুৰা পালন খণ্ডৰ ক্ষেত্ৰত হোৱা উত্তৰণৰ কথা উল্লেখ কৰি বাহুবলী কণীৰ উৎপাদনৰ ক্ষেত্ৰত লাভ কৰা সফলতাক বিশেষভাৱে প্ৰশংসা কৰে। ৰাজ্যৰ গাহৰি পালন খণ্ডৰ সম্ভাৱনাসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ গাহৰি পালকসকলৰ ঐক্যবদ্ধ প্রচেষ্ঠাই এই দিশত ৰাজ্যখনৰ চাহিদা বৃদ্ধিত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যত শ্বেত বিপ্লৱৰ সূচনা কৰি প্ৰতি দিনে ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ ভাষণত কয়।এই অনুষ্ঠানত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।