ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪৭ টা ৰে’ল ষ্টেচনৰ উন্নয়নমূলক কাম অব্যাহত আছে: মুখ্যমন্ত্রী

● ৰাজ্যত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪৭ টা ৰে’ল ষ্টেচনৰ উন্নয়নমূলক কাম অব্যাহত আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কয় যে এই প্ৰকল্পৰ অধীনত বিশেষকৈ দিব্যাংগ যাত্ৰীসকলৰ বাবে পানীৰ বুথ, নতুন পদপথ সেতু, উন্নত সঞ্চালন এলেকা আদিৰ ব্যৱস্থা কৰা হ’ব। ৰাজ্যৰ ৰে’ল আন্তঃগাঁথনিৰ উন্নয়নেৰে আধুনিক তথা সুলভ ৰে’ল অভিজ্ঞতা প্ৰদান কৰিবলৈ চৰকাৰ সাজু হৈছে বুলি তেওঁ প্ৰকাশ কৰে।