October 3, 2024 7:54 PM | Lottery Band

printer

ৰাজ্যত অবৈধভাৱে চলি থকা লটাৰীক নিষিদ্ধ ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত অবৈধভাৱে চলি থকা লটাৰীক নিষিদ্ধ ঘোষণা কৰিছে। আজি ন্যায়ালয়ে নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে অফলাইন তথা অনলাইন কোনো মাধ্যমতে লটাৰী অনুষ্ঠিত কৰিবলৈ যাতে অনুমতি নিদিয়ে তাৰ বাবে সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ প্ৰতি নিৰ্দেশনা জাৰি কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিয়ে। লগতে কোনো অবৈধ লটাৰী অনুষ্ঠিত কৰাৰ ঘটনা দৃষ্টিগোচৰ হ’লে লগে লগে আয়োজকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা ল’বলৈ আৰক্ষী অধীক্ষকক নির্দেশ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।