ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পৰহিলৈ পালন কৰিবলগীয়া ছহিদ দিৱসৰ প্ৰস্তুতিৰ খতিয়ান লবলৈ আজি মন্ত্ৰী অতুল বৰাই জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা, ৰূপেশ গোৱালা আৰু ৰাজ্যৰ মুখ্য সচিব ড° ৰবী কোটা উপস্থিত থাকে। এই বৈঠকত প্ৰতিখন জিলা আৰু সমজিলাত এই অনুষ্ঠান সফলভাৱে অনুষ্ঠিত কৰিবলৈ যাৱতীয় নির্দেশনা দিয়া হয়। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। গুৱাহাটীৰ পশ্চিম বৰাগাওঁত ছহিদ দিৱস উদযাপনৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলা আৰু সম জিলা মুখ্য কাৰ্যালয়সমূহতো সকলো স্তৰৰ ৰাইজৰ সক্ৰিয় অংশগ্রহণেৰে ছহিদ দিৱস পালন কৰা হ’ব। পশ্চিম বৰাগাওঁত নিৰ্মিত ছহিদ স্মাৰক ক্ষেত্র মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে বৰাগাওঁত এই ছহিদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰেক্ষাগৃহ, প্রার্থনা গৃহ, চাইকেল ট্ৰেক আদিৰ উপৰি অসম আন্দোলন তথা ৰাজ্যখনৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্ৰবাহক সামৰি শব্দ আৰু পোহৰৰ বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা থাকিব ।
Site Admin | December 8, 2025 7:48 PM | Swahid Diwas in Assam
ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পৰহিলৈ পালন কৰিবলগীয়া ছহিদ দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ