● ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পৱিত্ৰ পৰিবেশে বিৰাজ কৰিছে। শৰৎ কালৰ পূৰ্ণিমা তিথিৰ পৰা আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ লীলা শিল্পীৰ দ্বাৰা পৰিবেশনৰ লগতে মৃণ্ময় মূৰ্তিৰ জৰিয়তে আটকধুনীয়াকৈ উপস্থাপন কৰা হৈছে।
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কালি কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ উদ্বোধন কৰে। ১৫ দিনীয়া কাৰ্যসূচীৰে ৭৯ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো পলাশবাৰী ৰাস মহোৎসৱত শিশু কৃষ্ণ প্রতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীতৰ লগতে দক্ষিণ কামৰূপীয়া লোকগীতৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
বৰপেটা জিলাৰ বিভিন্ন স্থানতো কালিৰে পৰা ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। হাউলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ এইবাৰ ১৫ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অৰুণাচল প্ৰদেশৰ বাসিন্দা তথা অসমীয়া ভাষাৰ প্রসিদ্ধ সাহিত্যিক য়েছে দৰজি ঠংছিয়ে কালি ৰাস মহোৎসৱৰ উদ্বোধন কৰে।
সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীতো ৰাস মহোৎসৱক কেন্দ্ৰ কৰি উলহ-মালহে বিৰাজ কৰিছে। জিলাখনত ৰাসৰ সৈতে সংগতি ৰাখি নদী পর্যটনকো উজ্জীৱিত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। সেই অনুসৰি জিলাখনৰ টুনী নদীত বৈকুণ্ঠৰ হৰিনাম টুনীয়েদি উজাই যাম শীর্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুপৰীয়া কমলাবাৰীৰ সমীপৰ টুনী নদীৰ পাৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পাছতে টুনী নদীত ৪০ খন নাৱত ভকত-বৈষ্ণৱে নাম কীৰ্তন কৰি নৌকা বিহাৰ উলিয়ায়। ৰাসৰ পৰিপ্ৰেক্ষিতত আজি জিলাখনত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে।
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি পাঠশালাত আটকধুনীয়াকৈ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা ৰাস মন্দিৰ উদ্বোধন কৰে। ৰাস পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি পাঠশালাৰ ভগৱতী ক্ষেত্ৰত প্ৰায় আঢ়ৈ কোটি টকা ব্যয় সাপেক্ষে এই ৰাস মন্দিৰটো নিৰ্মাণ কৰা হৈছে।
নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰত কালিৰে পৰা ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৯২ সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। আজি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে।
বাক্সা জিলাতো আড়ম্বৰপূৰ্ণভাৱে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।