October 6, 2025 8:19 PM | Sri Sri Laxmi Puja

printer

ৰাজ্যজুৰি ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা উদযাপন

ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা আজি সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হৈছে। ভক্তসকলে ঘৰে ঘৰে নৈবদ্য, ধূপ-দীপ আগবঢ়াই নিজ নিজ গৃহলৈ ঐশ্বর্যবিভূতি আগমনৰ কামনা কৰিছে। কোনো কোনো ঠাইত ৰাজহুৱাভাৱেও লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে এইবাৰৰ ৰাজহুৱা লক্ষ্মী পূজাসমূহো কিছু স্তিমিত হোৱা পৰিলক্ষিত হৈছে।
ডিব্ৰুগড় মহানগৰৰ বজাৰৰ লগতে উপকণ্ঠ অঞ্চলৰ বজাৰসমূহত আজি পুৱাৰে পৰা লক্ষ্মী দেৱীৰ প্ৰতিমা, পূজা সামগ্ৰী ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ দেখা যায়। ঘৰে ঘৰে দেৱী লক্ষ্মীক আৰাধনাৰ লগতে সাৰ্বজনীন লক্ষ্মী মন্দিৰ আৰু বিভিন্ন দুর্গা পূজা মণ্ডপতো লক্ষ্মী দেৱীৰ পূজা-অৰ্চনা চলিছে।
গুৱাহাটী মহানগৰীৰ বেলতলাৰ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ, গণেশগুৰিৰ লক্ষ্মী মন্দিৰকে ধৰি বিভিন্ন মন্দিৰ আৰু নামঘৰ আদিতো এই পূজাৰ আয়োজন চলিছে। সন্ধিয়াৰ ভাগত নাম-প্ৰসংগ আৰু ভোগ-বিতৰণ অনুষ্ঠিত হ’ব। চিৰাং জিলাৰ বিজনীৰ ইতিহাস প্রসিদ্ধ শ্ৰীশ্ৰীলক্ষ্মী পূজা আৰু মেলা মহোৎসৱ আজিৰে পৰা ১৪ দিনীয়া কাৰ্যসূচীৰে ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে বিজনী অঞ্চলত শাৰদীয় দুর্গোৎসৱতকৈও এই লক্ষ্মী পূজা অধিক আড়ম্বৰৰে আয়োজন কৰা হয়।
ধুবুৰী,গোৱালপাৰা, বাক্সা, কাছাৰ, কামৰূপ, বজালী আদি জিলাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজা অনুষ্ঠিত হৈছে বুলি আমাৰ সংবাদদাতাসকলে জনাইছে।