■ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ- নামঘৰসমূহত হৰিনামৰ পৱিত্ৰ ধবনিৰে মুখৰ হৈ উঠিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী প্রভাতী কীৰ্তনেৰে শুভাৰম্ভ কৰা হয়৷
সত্ৰপীঠ মাজুলীত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে নাম-প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। সত্ৰ আৰু নামঘৰসমূহৰ সমান্তৰালকৈ আঞ্চলিক ধর্মালোচনী সভাসমূহৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জয়ন্তী পালন কৰা হৈছে। গুৰুজনাৰ জন্মস্থান বটদ্ৰবা সত্ৰতো আজি ৫৭৭ সংখ্যক জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। সত্ৰ নগৰী বৰপেটাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰ আদিত মহাপুৰুষ জনাৰ জয়ন্তী উপলক্ষে পৱিত্ৰ পৰিৱেশে বিৰাজ কৰে।
কামৰূপ জিলাৰ শুৱালকুছিত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭৭ সংখ্যক জয়ন্তী উৎসৱ পালন কৰা হয়। ঊষা কীৰ্তনৰ পাছত আইসকলৰ নাম প্ৰসংগ, মহাপুৰুষীয়া ধৰ্মালোচনা সভা আৰু ধৰ্মধবজা উত্তোলন কৰি জয়ন্তীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছত হৰিনাম কীৰ্তন, পাঠপঢ়া, চৰিত তোলা আদি কাৰ্যসূচী অনুষ্ঠিত হয়। নিশাৰ ভাগত শ্ৰীমন্ত কৃষ্টি বিকাশ কেন্দ্ৰৰ শিল্পীসকলে মহাপুৰুষ জনাৰ ৰুক্মিনী হৰণ অংকীয়া নাট পৰিৱেশন কৰিব। কাইলৈ আইসকলৰ হৰিনাম সমদলৰ পাছত বার্ষিক অধিৱেশন অনুষ্ঠিত হ’ব। এই অধিৱেশনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি আয়োজকৰ সূত্ৰই প্ৰকাশ কৰিছে।
গোৱালপাৰা জিলাৰ শ্ৰীশ্ৰীশ্যামৰায় সত্ৰ আৰু বগুৱানৰ হাটী সত্ৰত ৫ দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জয়ন্তী অনুষ্ঠিত হয়।
Site Admin | October 2, 2025 6:16 PM | Akashvani | Akashvani Guwahati | sankardev
ৰাজ্যজুৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন
