ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যখনৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে জনগোষ্ঠীকেইটাৰ অন্তৰ্গত দল-সংগঠনে জনাই অহা দাবীৰ প্ৰতি অসম গণ পৰিষদ দলৰ পূৰ্ণ সমর্থন আছেঃ অতুল বৰা

ৰাজ্যখনৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে জনগোষ্ঠীকেইটাৰ অন্তৰ্গত দল-সংগঠনে জনাই অহা দাবীৰ প্ৰতি অসম গণ পৰিষদ দলৰ পূৰ্ণ সমর্থন আছে বুলি দলৰ সভাপতি অতুল বৰাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে আহোম, চুতীয়া, মৰাণ, মটক, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে দীর্ঘদিন ধৰি জনজাতিকৰণৰ বাবে দাবী জনাই আহিছে। এই দাবীৰ প্ৰতি অসম গণ পৰিষদ দলে সমর্থন জনাই বুলি তেওঁ সাংবাদিকৰ আগত প্রকাশ কৰে।

উল্লেখযোগ্য যে উজনি অসমত এই জনগোষ্ঠীকেইটাৰ দল-সংগঠনৰ নেতৃত্বত সাধাৰণ লোকসকলে দীর্ঘদিন ধৰি জনজাতিকৰণৰ দাবীত আন্দোলন চলাই আহিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কিছুদিন পূর্বে এই সন্দর্ভত জনগোষ্ঠীকেইটাৰ এই দাবী ন্যায্য বুলি প্ৰকাশ কৰাৰ লগতে নির্দিষ্ট প্ৰক্ৰিয়াৰ মাধ্যমেৰে এই দিশত আগবাঢ়িব পৰা যাব বুলি উল্লেখ কৰিছিল। তেওঁ এই জনগোষ্ঠীকেইটাৰ লোকসকলৰ দাবী সোনকালেই পুৰণ হ’ব বুলিও আশ্বাস দিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।