ৰাজ্যখনৰ চিকিৎসালয়সমূহৰ উন্নীতকৰণৰ বাবে অসম চৰকাৰৰ ৪,২৮৭ কোটি টকা ব্যয়ত অনুমোদন

অসম চৰকাৰে ৰাজ্যখনৰ চিকিৎসালয়সমূহৰ উন্নীতকৰণৰ বাবে ৪,২৮৭ কোটি টকা ব্যয়ত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্রকাশ কৰিছে। আস্থা শীৰ্ষক পৰিকল্পনাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হ’ব। ইয়াৰ অধীনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক অত্যাধুনিক সা-সুবিধাৰে পুনৰ নিৰ্মাণ কৰা হ’ব। একেদৰে ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত স্মার্ট ক্লাছ আৰু আধুনিক পৰীক্ষাগাৰ নিৰ্মাণ কৰা হ’ব। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ত ডিজিটেল আৰু শৈক্ষিক উন্নয়নৰ বাবেও পদ লোৱা হৈছে। এই পৰিকল্পনাৰ অধীনত চিকিৎসক, নাৰ্চ আৰু পেৰামেডিকেল কৰ্মীসকলক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।