ৰাজ্যখনত বিদ্যুৎ মাছুল বৃদ্ধিৰ সম্প্ৰতি কোনো প্ৰাসংগিকতা নাই আৰু বিদ্যুৎ মাছুলৰ পৰা ৰাজ্যৰ ৬০০ কোটি টকা ৰাহি হৈছে বুলি শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে প্ৰকাশ কৰিছে। কালি চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰ চৌহদত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে বিভিন্ন প্ৰকাৰে বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা লৈছে। নামনি কপিলী প্ৰকল্পৰ পৰাও ১২০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ লগতে সৌৰ শক্তিৰ পৰাও বিদ্যুৎ উৎপাদন কৰি চৰকাৰক উৎকৃষ্ট সেৱা দিয়াৰ প্ৰয়াস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। অসম শক্তি বিতৰণ কোম্পানীয়ে ৰাজ্যখনত তিনিটা স্তৰত বিদ্যুৎ মাছুলৰ প্ৰস্তাৱ কৰা আৰু বিদ্যুৎ মাছুল বৃদ্ধি কৰাৰ বিষয়ে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত প্ৰস্তাৱ দাখিল কৰা বুলি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বুলি স্পষ্ট কৰে।
Site Admin | January 21, 2025 11:59 AM | Prasanta Phukan
ৰাজ্যখনত বিদ্যুৎ মাছুল বৃদ্ধিৰ সম্প্ৰতি কোনো প্ৰাসংগিকতা নাই : প্ৰশান্ত ফুকন