প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে ৰাজাৰাজা চ’ল আৰু ৰাজেন্দ্ৰ চ’লৰ ধাৰাবাহিকতাৰ সৈতে ভাৰতৰ পৰিচয় আৰু গৌৰৱৰ সামঞ্জস্য আছে। তামিলনাডুৰ গংগাইকোণ্ডা চ’লাপুৰমত সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ দ্বাৰা আয়োজিত আদি তিৰুভাথিৰায় মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ দি শ্রীমোদীয়ে আজি এই কথা প্ৰকাশ কৰে। মহান ৰজা ৰাজেন্দ্ৰ চ’লই গংগাইকোণ্ডা চ’লাৰম মন্দিৰ স্থাপন কৰাৰ বিষয়ে উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে আজিও এই মন্দিৰে বিশ্বজুৰি অন্যতম স্থাপত্যৰ আশ্চৰ্য্য হিচাপে স্বীকৃতি লাভ কৰিছে। তেওঁ কয়, যে কাবেৰী আইৰ ভূমিত গংগাৰ উদযাপনে চ’লা সাম্ৰাজ্যৰ ধাৰাবাহিকতাকে প্রতিফলিত কৰিছে। বর্তমান সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত মূলতঃ জল ব্যৱস্থাপনা আৰু পৰিৱেশ সংৰক্ষণ বিষয়তেই বক্তৃতা আদি অনুষ্ঠিত হৈ আহিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, যে আমাৰ পূৰ্বপুৰুষসকলে বহু বছৰ পূৰ্বেই এই বিষয়সমূহৰ প্ৰয়োজনীয়তা অনুধাৱন কৰিছিল। তেওঁ লগতে কয়, যে যি সময়ত বহুতো ৰজা-মহাৰজা সোণ, ৰূপ আদি সম্পত্তিৰ বাবে জনাজাত আছিল, তেনে সময়ত ৰাজেন্দ্ৰ চ’লাই পবিত্র গংগাৰ পানী বোৱাই অনাৰ স্বীকৃতি লাভ কৰিছিল। তেওঁ কয়, যে ৰাজেন্দ্ৰ চ’লাই দক্ষিণ ভাৰতৰ পৰা গংগাৰ পানী উত্তৰলৈ বোৱাই আনিছে। অনাগত সময়ত তামিলনাডুত ৰাজাৰাজা চ’ল আৰু তেওঁৰ পুত্ৰ ৰাজেন্দ্ৰ চ’ল প্ৰথমৰ বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব বুলিও শ্রীমোদীয়ে ঘোষণা কৰে। একেটা অনুষ্ঠানতে প্রধানমন্ত্ৰীয়ে দেশৰ অন্যতম মহান সম্রাটগৰাকীৰ সন্মানার্থে এটা স্মাৰক মুদ্রাও মুকলি কৰে। এই কাৰ্য্যসূচীত তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কেন্দ্ৰীয় মন্ত্ৰী ড০ এল মুৰুগান আৰু অন্যান্য প্রতিনিধিসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে শ্রীমোদীয়ে এটা বিশাল ৰ’ড শোতো অংশগ্ৰহণ কৰে। এই ৰ’ড শ্বোৰ সময়ত পথৰ দুয়োকাষে অগণন লোকে পতাকা জোকাৰি আৰু শ্লোগান আদি গাই শ্ৰীমোদীক আদৰণি জনায়। উল্লেখযোগ্য যে, দুদিনীয়া কাৰ্য্যসূচীৰে শ্ৰীমোদী তামিলনাডুলৈ গৈছে। এই ভ্ৰমণৰ সময়ত তেওঁ প্ৰায় ৪৫০ কোটি ব্যয়েৰে থুথুকুড়ি বিমান বন্দৰত নিৰ্মাণ কৰা নতুন টার্মিনেল ভৱনটো জনসাধাৰণৰ নামত উৎসৰ্গা কৰে। ইয়াৰ লগতে শ্রীমোদীয়ে ৪৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা স্থাপন কৰে ৷
Site Admin | July 27, 2025 8:03 PM | PM Modi at Tamil Nadu
ৰাজাৰাজা চ’ল আৰু ৰাজেন্দ্ৰ চ’লৰ ধাৰাবাহিকতাৰ সৈতে ভাৰতৰ পৰিচয় আৰু গৌৰৱৰ সামঞ্জস্য থকা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ