ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিবঃ মুখ্যমন্ত্ৰী

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানত মন্ত্ৰী, বিধায়ক আৰু স্থানীয় লোকসকলৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জিলাত আয়োজিত এই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয়, যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু প্ৰায় ২ কোটি ৪৫ লাখ হিতাধিকাৰী উপকৃত হ’ব। এই আঁচনিৰ অধীনত ৰেচন কার্ডপ্রাপ্ত পৰিয়ালে প্রতি মাহে ৬৯ টকাত মচুৰ দাইল, ৩৮ টকাত চেনি আৰু ১০ টকাত নিমখ ক্ৰয় কৰিব পাৰিব। এই বিশেষ মূল্য নৱেম্বৰ আৰু ডিচেম্বৰ মাহত প্ৰযোজ্য হ’ব। পৰৱৰ্তী পৰ্যায়ত ২০২৬ চনৰ জানুৱাৰীৰ পৰা অধিক সুলভ মূল্যত এই সামগ্ৰীসমূহ লাভ কৰিব। ৰাজ্যৰ প্ৰায় ৭০ লাখ লোক এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব।

আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সুলভ মূল্যৰ দোকানীসকলক প্ৰতি কিলো দাইল, চেনি আৰু নিমখৰ বিপৰীতে দুটকাকৈ দিয়া হ’ব বুলি উল্লেখ কৰি ৰাইজৰ পৰা তেওঁলোকক অতিৰিক্ত ধন নল’বলৈ আহ্বান জনায়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাৰ লগতে কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু চৰকাৰী শীৰ্ষ বিষয়া উপস্থিত থাকে।

ৰাজ্যৰ অন্যান্য জিলাতো এই অনুষ্ঠানৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাৰ ৯৮৬ খন সুলভ মূল্যৰ দোকানত এই আঁচনি উদ্বোধন কৰা হয়। যোৰহাট জিলাতো আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডপ্রাপ্ত প্ৰতিটো পৰিয়ালক ৰাজ সাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগানৰ আঁচনি শুভাৰম্ভ কৰা হয়। নগাঁও জিলাত আজি নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আঁচনিখনৰ শুভাৰম্ভ কৰে। চলিত মাহত ৰেচন কাৰ্ড লাভ কৰা গ্ৰাহকসকলে ৰাজ সাহায্য আজিৰেপৰা ১৯ নৱেম্বৰলৈ লাভ কৰিব। জিলাখনৰ এহেজাৰ ৭৮৬ খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৩ লাখ ৮২ হাজাৰ ৫৯৪ টা পৰিয়ালে এই সুবিধা লাভ কৰিব। ডিব্ৰুগড় জিলাৰ এহেজাৰ ৫৩৪ খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ পৰিয়ালসমূহক দাইল, চেনি আৰু নিমখ বিতৰণ কৰা হয়। জিলাখনৰ ৯ লাখ ২৬ হাজাৰ ১৯২ গৰাকী হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব পাৰিব শিৱসাগৰ জিলাৰ সকলো সুলভ মূল্যৰ দোকানত আজি মুখ্যমন্ত্ৰীৰ মূল অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। জিলাখনৰ এহেজাৰ ২৬ খন সুলভ মূল্যৰ দোকানৰ মাধ্যমেৰে ১ লাখ ৬১ হাজাৰ ৭৭৩ টা পৰিয়ালে এই সুবিধা লাভ কৰিব। তিনিচুকীয়া জিলাতো আজি ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে এই সুবিধা লাভ কৰে। গোলাঘাট জিলাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত মেৰাপানীৰ চাওদাং পথাৰত আয়োজিত অনুষ্ঠানত ৰাজ সাহায্যযুক্ত, মচুৰ দাইল, নিমখ আৰু চেনি যোগান আঁচনিৰ শুভাৰম্ভ কৰা হয়। একেদৰে চৰাইদেউ জিলাত মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত এই আঁচনিৰ শুভাৰম্ভ কৰা হয়। জিলাখনত ১ লাখ চাৰি হাজাৰৰো অধিক পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব ৷ বোকাখাতত আজি মন্ত্রী অতুল বৰাৰ উপস্থিতিত এই সামগ্ৰীসমূহ বিতৰণৰ শুভাৰম্ভ কৰা হয়। বোকাখাতত ৩৯ হাজাৰ ৭০৭ খন ৰেচন কাৰ্ডৰ বিপৰীতে ১ লাখ ২০ হাজাৰৰো অধিক হিতাধিকাৰীয়ে দাইল, চেনি আৰু নিমখ লাভ কৰিব। পশ্চিম কাৰ্বি আংলং জিলাত আজি ২৫২ খন সুলভ মূল্যৰ বিপণীত এই আঁচনি উদ্বোধন কৰা হয়। ইয়াৰ জৰিয়তে ১ লাখ ৯৬ হাজাৰ ৬৯৭ গৰাকী হিতাধিকাৰীক সামৰি লোৱা হ’ব। মৰিগাঁও জিলাত আজি এহেজাৰ ৮৮ খন সুলভ মূল্যৰ দোকানত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। জাগীৰোড সমষ্টিৰ শিলচাং সমবায় সমিতিত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।