ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱাৰ বাবে ছগৰাকী প্রশাসনীয় বিষয়ালৈ মুখ্যমন্ত্রীৰ কর্মশ্ৰী বঁটা

ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্রীৰ কর্মশ্ৰী বঁটা এইবাৰ ছগৰাকী প্রশাসনীয় বিষয়ালৈ আগবঢ়োৱা হৈছে। এইবাৰ এই বঁটাৰ বাবে ৫২খন আবেদন লাভ কৰা হৈছিল যদিও ইয়াৰ ভিতৰত ছটা বিভাগৰ সেৱাকহে বঁটাৰ বাবে বাছনি কৰা হয়। চৰকাৰী বিভিন্ন বিভাগসমূহৰ কার্যকলাপ, উদ্ভাৱনী প্রয়াস, বহন ক্ষমতা, প্রশাসনৰ ক্ষেত্ৰত দক্ষতাৰ উন্নয়ন তথা কার্যকৰিতা আদি কাৰকসমূহৰ ওপৰত ভিত্তি কৰি এই ছটা বিভাগক বঁটাৰ বাবে বাছনি কৰা হয়। মিছন বসুন্ধৰা, জনজীৱন মিছনৰ অধীনৰ জনদূত কার্যসূচী, মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে সমর্থ নামভর্তি পোর্টেল, ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈডামৰ অন্তর্ভুক্তিকৰণৰ সৈতে জড়িত কার্যকলাপ, নগাঁৱৰ মুকুতা খেতি, ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নাইকা বন গাঁৱক নামফাই সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ভূমিত পুনৰসংস্থাপন কার্যত জড়িত একাংশ চৰকাৰী বিষয়ালৈ এই বঁটা আগবঢ়োৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।