প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বাঞ্চৱাৰাত এক লাখ ২২ হাজাৰ কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মাহী বান্ধৰ সমীপৰ নাপলাত মাহী বাঞ্চৱাৰা ৰাজস্থান পাৰমাণৱিক শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পটোত ৭০০ মেগাৱাট পাৰমাণৱিক শক্তি সম্পন্ন চাৰিটা গোট সামৰি লোৱা হ’ব আৰু ইয়াৰ নিৰ্মাণ ব্যয় ৪২ হাজাৰ কোটি টকা ধাৰ্য্য কৰা হৈছে। প্রধানমন্ত্রী শ্রী মোদীয়ে এহেজাৰ কোটি টকা ব্যয় সাপেক্ষ সৌৰ শক্তি, খোৱাপানী, স্বাস্থ্য, আন্তঃগাঁথনি আৰু ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ সম্পৰ্কীয় কেইবাটাও প্রকল্প মুকলি কৰে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত তিনিটা নতুন ৰে’ল
সেৱাৰ শুভাৰম্ভ কৰে।
এই অনুষ্ঠানত প্রধানমন্ত্ৰী শ্ৰী মোদীয়ে এখন জনসভাত অংশগ্ৰহণ কৰে। শেহতীয়া জি এছ টি সংস্কাৰ ব্যৱস্থাত আলোকপাত কৰি শ্ৰী মোদীয়ে কয়, যে ইয়াৰ ফলত দৈনন্দিন ব্যৱহাৰ্য্য সামগ্ৰীসমূহ সস্তাত পোৱাৰ লগতে ঘৰুৱা ব্যয় হ্ৰাস পাব। জি এছ টি সন্দৰ্ভত মিছা তথ্য বিয়পোৱা বুলি প্রধানমন্ত্ৰীয়ে বিৰোধীক সমালোচনা কৰাৰ লগতে কয়, যে জি এছ টি সংস্কাৰে সমাজৰ সকলো শ্ৰেণীৰ লোককে লাভান্বিত কৰাৰ লগতে পৰিয়ালসমূহত সঞ্চয় নিশ্চিত কৰিব। আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত আলোকপাত কৰি শ্ৰী মোদীয়ে নাগৰিকসকলক স্বদেশী সামগ্রী ক্ৰয় কৰাৰ বাবে আহ্বান জনায়। স্বদেশী সামগ্রী সন্দৰ্ভত প্রধানমন্ত্রীয়ে কয়, যে ভাৰতৰ নাগৰিকৰ ঘাম আৰু পৰিশ্ৰমৰ ফল এই স্বদেশী সামগ্ৰীসমূহ ৰাষ্ট্ৰীয় গৌৰৱৰ থল হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয়, যে ভাৰতৰ শক্তি খণ্ডত ৰাজস্থানে নতুন অধ্যায়ৰ সূচনা কৰিছে। সৌৰ শক্তিৰ পৰা পাৰমাণৱিক শক্তিলৈ দেশৰ প্ৰগতিত গুৰুত্ব আৰোপ কৰি প্রধানমন্ত্ৰীয়ে উন্নয়নৰ ক্ষেত্ৰত বিদ্যুতৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে পূৰ্বৰ চৰকাৰসমূহে শক্তিখণ্ডৰ প্ৰতি অৱহেলাৰ মনোভাব লৈছিল। কিন্তু যোৱা দশকত শক্তিখণ্ডত যথেষ্ট বিকাশ হৈছে। তেওঁ কয়, যে স্বচ্ছ শক্তি জন আন্দোলনলৈ ৰূপান্তৰিত হৈছে। জনজাতীয় কল্যাণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়, যে কংগ্ৰেছে জনজাতিসমূহক দীৰ্ঘদিন ধৰি অৱহেলা কৰি আহিছে। কিন্তু বিজেপি চৰকাৰে জনজাতিসকলৰ কল্যাণ, সৱলীকৰণ আৰু সংস্কৃতিক সংৰক্ষণৰ বাবে অহৰহ কাম কৰি আহিছে।
Site Admin | September 25, 2025 9:44 PM | Aakashbani | Akashvani News | PM Narendra Modi | PMO Modi
ৰাজস্থানৰ বাঞ্চৱাৰাত এক লাখ ২২ হাজাৰ কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ
