ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজস্থানৰ জেইচলমেৰত সেনাৰ কমাণ্ডাৰসকলৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কল্যাণমূলক পদক্ষেপৰ উদ্বোধন

ভাৰতীয় সেনাৰ দশকযোৰা পৰিৱৰ্তনৰ দৃষ্টিভংগীক শক্তিশালী ৰূপ প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি ৰাজস্থানৰ জেইচলমেৰত সেনাৰ কমাণ্ডাৰসকলৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কল্যাণমূলক পদক্ষেপৰ উদ্বোধন কৰে। এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ ভিতৰত কোনার্ক আৰু ফায়াৰ এণ্ড ফিউৰি বাহিনীৰ বাবে ডাটা চেণ্টাৰৰ উদ্বোধন কৰে। সেনাৰ ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এই ডাটা চেন্টাৰক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে আধুনিক সঁজুলি হেল্প লাইন প’ৰ্টেল মুকলি কৰে। আৰমান মঞ্চৰ জৰিয়তে ১২০০তকৈও অধিক ৰে’লত প্ৰতিৰক্ষা সেৱা কোটা আসনৰ কামকাজৰ আধুনিকীকৰণ কৰিবলৈ ‘সৈনিক যাত্রী মিত্ৰ’ এপৰো শুভাৰম্ভ কৰে। ভাৰতীয় সেনাৰ অতিৰিক্ত জন তথ্য সঞ্চালকালয়ৰ তৰফৰ পৰা সামাজিক মাধ্যমৰ এটা বাৰ্তাত কোৱা হৈছে যে, এই পদক্ষেপসমূহে ডিজিটেল ৰূপান্তৰ, কাৰ্য্যকৰী দক্ষতা আৰু ইয়াৰ কৰ্মচাৰীসকলৰ কল্যাণৰ প্ৰতি ভাৰতীয় সেনাৰ দায়বদ্ধতাক আলোকপাত কৰে৷