ডাউনলোড
মোবাইল এপ

android apple
signal

August 27, 2025 12:01 PM | New Jibashma

printer

ৰাজস্থানৰ জয়ছেলমেৰ মেঘা গাঁৱত বিৰল প্ৰজাতিৰ কুম্ভীৰসদৃশ জীৱাশ্ম আৱিষ্কাৰ

ৰাজস্থানৰ জয়ছেলমেৰ মেঘা গাঁৱত গৱেষকসকলে বিৰল প্ৰজাতিৰ কুম্ভীৰসদৃশ জীৱাশ্ম আৱিষ্কাৰ কৰিছে। ১ দশমিক ৫ৰ পৰা ২ মিটাৰ পৰ্যন্ত দীঘল এই জীৱাশ্মটো প্ৰায় ২০ কোটি বছৰ পূৰ্বৰ জুৰাচিক যুগৰ বুলি অনুমান কৰা হৈছে। ৰাজ্যখনৰ জ্যেষ্ঠ জল ভূ-তত্ববিদ ড০ নাৰায়ণ দাস ইংখিয়া আৰু তেওঁৰ দলটোৱে এই জীৱাশ্মৰ সন্ধান লাভ কৰিছে। শ্রীইংখিয়াই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয়, যে সেই স্থানত আৰু বহুতো জীৱাশ্মৰ সন্ধান পোৱাৰ সম্ভাৱনা আছে, যিয়ে বিৱৰ্তনৰ ইতিহাস সন্দৰ্ভত গুৰুত্বপূৰ্ণ আৰু আকর্ষণীয় তথ্য দাঙি ধৰিব। ইয়াৰ দ্বাৰা অঞ্চলটো জীৱাষ্ম পৰ্যটনৰ বাবে উল্লেখযোগ্য স্থান হিচাপেও পৰিগণিত হ’ব বুলি তেওঁ মন্তব্য কৰে। ভূ-বিজ্ঞানী চি পি ৰাজেন্দ্ৰনে কয়, যে জীৱাশ্মটো অৰ্ধ জলজ প্রাণীৰ অর্থাৎ প্রাণীবিধে নদীৰ লগতে স্থলভাগতো বাস কৰিছিল। বিগত সপ্তাহত গাঁওখনৰ একাংশ লোকে অঞ্চলটোত এটা গাঁত খান্দিবলৈ গৈ জীৱাশ্মটোৰ সম্ভেদ পাইছে।