ৰাজস্থানৰ জয়ছলমেৰৰ সেনা কমাণ্ডাৰসকলৰ সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাজস্থানৰ জয়ছলমেৰৰ সেনা কমাণ্ডাৰসকলৰ সন্মিলনত অধ্যক্ষতা কৰে। সেনা কমাণ্ডাৰসকলৰ সন্মিলন সেনাবাহিনীৰ জ্যেষ্ঠ নেতৃত্বৰ বাবে সুৰক্ষা পৰিস্থিতিৰ মূল্যায়ন, পৰিচালন অগ্ৰাধিকাৰ সম্পৰ্কে আলোচনা কৰা আৰু গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণৰ এখন উচ্চ পৰ্যায়ৰ প্রতিষ্ঠানগত মঞ্চ। সন্মিলনত প্ৰতিৰক্ষাগৰাকীয়ে চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ সৈতে দেশৰ সাম্প্ৰতিক সুৰক্ষা পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু সেনাবাহিনীৰ অভিযান সম্পৰ্কীয় সামর্থ্য বৃদ্ধিৰ কৌশলৰ বিষয়ে আলোচনা কৰে। শ্ৰীসিঙে লগতে সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক সহায়ৰ বাবে নমন কেন্দ্ৰ, সৈনিক যাত্রী মিত্ৰ এপ্ আৰু উপকৰণ হেল্পলাইন এপ্ মুকলি কৰে । সন্মিলনৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তনোতমাতা মন্দিৰত পূজা- অৰ্চনা কৰে আৰু পৰম্পৰাগত অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে মন্দিৰ চৌহদত থকা ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ বিস্ফোৰণ নোহোৱা বোমা নিৰীক্ষণ কৰে।