ৰাজস্থানৰ চুৰু জিলাৰ সমীপৰ ৰাজলডেছাৰ আৰক্ষী চকীৰ এলেকাত কালি বায়ুসেনাৰ এখন বিমান দুর্ঘটনাগ্রস্ত হয়। নিয়মীয়া প্ৰশিক্ষণৰ সময়তে এই বিমানখন দুৰ্ঘটনাগ্রস্ত হয়। চুৰুৰ আৰক্ষী অধীক্ষকে জনোৱা মতে দুৰ্ঘটনা সংঘটিত স্থানৰ পৰা দুটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হয়। এই ঘটনাত কোনো অসামৰিক লোক হতাহত হোৱা নাই বুলি তেওঁ লগতে প্ৰকাশ কৰে। ইপিনে বায়ুসেনাৰ এই জেগুৱাৰ প্ৰশিক্ষণ বিমানখনৰ দুৰ্ঘটনাৰ তদন্তৰ বাবে এটা তদন্তকাৰী দল গঠন কৰা হৈছে।
Site Admin | July 10, 2025 12:25 PM | Plan Crash
ৰাজস্থানৰ চুৰু জিলাত বায়ুসেনাৰ বিমান দুর্ঘটনাগ্রস্ত