January 9, 2025 4:39 PM | Akashvani News

printer

ৰাজস্থানৰ উদয়পুৰত কেন্দ্ৰীয় মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে ৩ দিনীয়া চিন্তণ শিবিৰৰ শুভাৰম্ভ কৰিব

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে কাইলৈ ৰাজস্থানৰ উদয়পুৰত তিনিদিনীয়া চিন্তণ শিবিৰৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিসকলে মহিলা আৰু শিশুৰ বিকাশ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত প্রকাশ কৰিব। এই বিষয়ৰ ভালেমান প্ৰত্যাহ্বানৰ মোকাবিলা কৰা, মতামত বিনিময় আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত এই অনুষ্ঠানত গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।