ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজস্থানত চৰকাৰী উচ্চ প্রাথমিক বিদ্যালয়ৰ চাদৰ একাংশ খহি পৰাত ৭ জন ছাত্ৰ-ছাত্ৰী নিহত, ২০ৰো অধিক আহত

ৰাজস্থানৰ ঝালাৱৰ জিলাৰ মনোহৰ থানা বিধানসভা সমষ্টিৰ অন্তৰ্গত পিপল’ডি গাঁৱৰ এখন চৰকাৰী উচ্চ প্রাথমিক বিদ্যালয়ৰ চাদৰ একাংশ খহি পৰাৰ ফলত ৭ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ২০ জনৰো অধিক আহত হয়। এই দুৰ্ঘটনাৰ পাছতে গাঁওবাসীয়ে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলায় আৰু আঘাতপ্রাপ্ত ছাত্র-ছাত্ৰীসকলক চিকিৎসালয়ত ভৰ্তি কৰায়। ঝালাৱৰৰ আৰক্ষী অধীক্ষক অমিত কুমাৰে আকাশবাণীৰ সংবাদদাতাক জনোৱা মতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১২ জনক ঝালাৱৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । এই দুৰ্ঘটনাত হতাহত হোৱা ছাত্ৰ-ছাত্ৰীসকল ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এই দুৰ্ঘটনাত গভীৰ শোক প্রকাশ কৰিছে। ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী মদন দিলৱাৰে এই দুৰ্ঘটনা অতি দুখজনক বুলি প্ৰকাশ কৰি দুৰ্ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব বুলি উল্লেখ কৰে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক