ডাউনলোড
মোবাইল এপ

android apple
signal

December 22, 2024 6:58 PM | Weather

printer

ৰাজধানী দিল্লীত বায়ুৰ গুণগত মান অতি নিম্নমুখী

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি বায়ুৰ গুণগত মান অতি নিম্নমুখী হৈ পৰিছে। পুৱাৰ ভাগত গড় বায়ুৰ গুণাগুণ সূচাংক এ কিউ আই আছিল ৩৯৫। ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্রণ বোৰ্ডৰ তথ্য মতে ৰাজধানীখনৰ মুন্দকা অঞ্চলত এ কিউ আই ৪৩৮, ৱাজিপুৰত ৪৪১, আনন্দ বিহাৰ অঞ্চলত ৪৩৪, আলীপুৰত ৪১৬, পি কে পুৰামত ৪১৫, দ্বাৰকা চেক্টৰত ৪৩৯ ৰেকৰ্ড কৰা হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা দুদিনত ৰাষ্ট্ৰীয় ৰাজধানী এলেকাত পুৱা আৰু নিশাৰ ভাগত ধোৱা আৰু ঘন কুঁৱলীয়ে আৱৰি ৰাখিব বুলি পূর্বাভাষ প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।