সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীৰ ৰাজঘাটত লোক সম্বর্ধন পর্ব উদ্বোধন কৰে। অহা দেওবাৰে এই অনুষ্ঠানৰ সামৰণি পৰিব। অনুষ্ঠানত ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস’ দৃষ্টিভংগীৰ অধীনত চৰকাৰৰ মুখ্য আঁচনি কাৰ্যসূচী আৰু সফলতাসমূহ প্ৰদৰ্শন কৰা হ’ব। অনুষ্ঠানত সংখ্যালঘু সম্প্ৰদায়ৰ অৰ্থনৈতিক সবলীকৰণ বিশেষকৈ পৰম্পৰাগত শিল্পী-কাৰিকৰসকলৰ সবলীকৰণৰ দিশত চৰকাৰৰ অবিৰত প্ৰচেষ্টাত আলোকপাত কৰা হৈছে। শ্ৰী ৰিজিজুৱে আজি সাংবাদিকৰ আগত কয়, যে গাঁৱৰ লোকসকলৰ মাজত যথেষ্ট প্ৰতিভা আছে আৰু এই মঞ্চৰ জৰিয়তে তেওঁলোকৰ হস্তনির্মিত কলাসমূহক এখন বজাৰ উপলব্ধ কৰোৱাৰ প্ৰয়াস কৰোৱা হৈছে। তেওঁলোকে নিৰ্মাণ কৰা সামগ্ৰীসমূহ এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ নিয়াৰ ক্ষেত্ৰতো এই অনুষ্ঠানে সহায় কৰিব বুলি শ্ৰী ৰিজিজুৱে প্ৰকাশ কৰে। অনুষ্ঠানত চৰকাৰৰ বিভিন্ন পদক্ষেপসমূহত আলোকপাত কৰাৰ উপৰি লাখ বেংগল, কাঠত খোদিত চিত্রকলা, এম্বুইডাৰী, বানাসী ব্ৰকেড, ফুলকাৰীৰ দৰে পৰম্পৰাগত হস্তশিল্প আৰু কলাৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে।
Site Admin | June 12, 2025 3:11 PM | Akashvani News | Kiren Rijiju
ৰাজঘাটত লোক সম্বর্ধন পর্ব উদ্বোধন মন্ত্রী কিৰেণ ৰিজিজুৰ