September 16, 2025 4:03 PM

printer

ৰাজঘাটত গান্ধীজীৰ সমাধিত শ্রদ্ধাঞ্জলি মৰিছাছৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগোলামৰ

● নতুন দিল্লী ভ্ৰমণলৈ অহা মৰিছাছৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগোলামে আজি ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ সমাধিত শ্রদ্ধাঞ্জলি জনায়। তেওঁ লগতে সদৈৱ অটল পৰিদৰ্শন কৰে আৰু প্ৰাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাছত মৰিছাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। আজি বিয়লি তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰিব আৰু নতুন পার্লিয়ামেণ্ট ভৱন পৰিদৰ্শন কৰিব। তিৰুপতি, মুম্বাই, বাৰাণসী, অযোধ্যা আৰু ডেৰাডুন ভ্ৰমণ সামৰি কালি ড° ৰামগোলাম নতুন দিল্লীত উপস্থিত হয়। ৮দিনীয়া চৰকাৰী ভ্ৰমণ সামৰি আজি প্ৰধানমন্ত্ৰীগৰাকী মৰিছাছলৈ ৰাওনা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।