ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 9, 2024 7:58 PM | Dr. S Jaishankar

printer

ৰাছিয়াৰ সশস্ত্ৰ সেনাত ভাৰতীয় সেনাৰ নিয়োগ সন্দৰ্ভত মন্ত্ৰী ড০ এছ জয়শংকৰৰ লোকসভাত মন্তব্য

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয় যে ৰাছিয়াৰ সশস্ত্ৰ সেনাত ৯১ গৰাকী ভাৰতীয় নিয়োগ কৰা হৈছিল। লোকসভাৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত ৬০ এছ জয়শংকৰে কয় যে ইয়াৰে দুর্ভাগ্যজনকভাৱে ৮গৰাকী ভাৰতীয় জোৱানৰ মৃত্যু হৈছে আৰু ১৪ গৰাকীক অব্যাহতি দিয়া হৈছে। ৬৯গৰাকী ভাৰতীয় জোৱানে ৰাছিয়াৰ সেনাৰ পৰা অব্যাহতি বিচাৰিছে বুলি তেওঁ জনায়। বিষয়টো ভাৰতে গভীৰভাৱে লৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে ৰাছিয়াৰ বিদেশ মন্ত্ৰীৰ সৈতে তেওঁ এই সন্দৰ্ভত কেইবাবাৰো কথা পাতিছে। তেওঁ পুনৰ কয় যে যোৱা মাহত ৰাছিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াৰ সেনাত নিয়োজিত ভাৰতীয়সকলক অব্যাহতি দিব বুলি আশ্বাস দিছিল। ড০ জয় শংকৰে কয় যে ৰাছিযাৰ সেনাৰ সৈতে ভাৰতীয় জোৱানকেইজনৰ চুক্তিৰ বাবে সমস্যাটোৰ সৃষ্টি হৈছে। তেওঁ আঙুলিয়াই দিয়ে যে বহু পৰিস্থিতিত ভাৰতীয় নাগৰিকক অন্য চাকৰিৰ প্রলোভন দি পাছত ৰাছিয়াৰ সেনাত নিয়োগ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।