ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাছিয়াৰ মহাকাশচাৰী এলেক্সেই অৱচিনিন আৰু ইভান ৱাগনাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৭ মহীয়া অভিযানৰ অন্তত পৃথিৱীলৈ উভতি আহিল

ৰাছিয়াৰ মহাকাশচাৰী এলেক্সেই অৱচিনিন আৰু ইভান ৱাগনাৰ তথা আমেৰিকাৰ ডনাল্ড পেটীত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৭ মহীয়া এটা অভিযানৰ অন্তত পৃথিৱীলৈ উভতি আহিছে। ৰাছিয়াৰ চয়ুজ এম এছ-২৬ মহাকাশযানখন এই তিনিওগৰাকী মহাকাশচাৰীসহ আজি পুৱাৰ ভাগত কাজাখস্তানৰ ঝেজকাজগানৰ দক্ষিণ-পূৱ প্ৰান্তত অৱতৰণ কৰে। ৰাছিয়াৰ ৰচকমমচ মহাকাশ সংস্থা তথা নাছাই এই তথ্য সদৰী কৰিছে। নাছাই প্ৰকাশ কৰা অনুসৰি মহাকাশযাত্রী তিনিওগৰাকীক কাৰাগাণ্ডাত বিশেষ তত্বাৱধানত ৰখা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।