ৰাছিয়াৰ বিশিষ্ট বিদ্বান আৰু চিন্তাবিদৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ মত বিনিময়

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৰাছিয়াৰ বিশিষ্ট বিদ্বান আৰু চিন্তাবিদসকলৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয় যে এই বৈঠকত তেওঁলোকে ভাৰত-ৰাছিয়া সম্পৰ্ক, সমসাময়িক বিশ্ব ভূ-ৰাজনীতি আৰু এই সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী বিষয়ত আলোচনা কৰে। ড০ জয়শংকৰে আজি বাণিজ্য, অর্থনীতি, বিজ্ঞান, প্রযুক্তি আৰু সাংস্কৃতিক সহযোগিতা সন্দৰ্ভত ভাৰত-ৰাছিয়া আন্তঃচৰকাৰ আয়োগৰ ২৬ সংখ্যক অধিবেশনত সহঅধ্যক্ষতা কৰিব। তেওঁ লগতে মস্কোত ভাৰত-ৰাছিয়া বাণিজ্য মঞ্চৰ বৈঠকতো ভাষণ দিব। উল্লেখযোগ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী তিনিদিনীয়া ৰাছিয়া ভ্ৰমণসূচীৰে কালি সন্ধিয়া মস্কোত উপস্থিত হয়। এই ভ্রমণকালত তেওঁ ৰাছিয়াৰ বিদেশ মন্ত্রী ছাৰ্গে লেভভক সাক্ষাৎ কৰি দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতা আৰু আঞ্চলিক তথা গোলকীয় বিষয়সমূহৰ পৰ্যালোচনা কৰিব। ভাৰত আৰু ৰাছিয়াৰ দীৰ্ঘদিনীয়া সম্পৰ্ক তথা বিশেষ কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰাৰ লক্ষ্যৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাছিয়া ভ্ৰমণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।