ৰাছিয়াৰ কামচাটকা উপদ্বীপত থকা ক্র’ছেনিনিক’ভ আগ্নেয়গিৰি আজি ৬০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে উদগিৰণ হয়। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে ৰাছিয়াৰ সময় অনুসৰি পুৱতি নিশা ২ বাজি ৫০ মিনিটত এই উদগিৰণ হয় যাৰ বাবে সমুদ্রপৃষ্ঠৰ ৪ মিটাৰ ওপৰলৈ ছাইৰ ডাৱৰে আৱৰি ধৰে। আগ্নেয়গিৰি উদগিৰণৰ বাবে বিমান পৰিবহণত ব্যাঘাত জন্মিব পাৰে বুলি সতর্কতা জাৰি কৰা হৈছে। দেশখনত শেহতীয়াকৈ অহা ৮.৭ প্রাবল্যৰ ভূমিকম্প আৰু পাছত ঘনে ঘনে হৈ থকা জোকাৰণিৰ ফলতেই এই আগ্নেয়গিৰি উদগিৰণ হোৱা বুলি ধাৰণা কৰা হৈছে। ইয়াৰ বাবে চুনামীৰ সতৰ্কতাও জাৰি কৰা হৈছে। ইয়াৰ পূৰ্বে ১৪৬৩ চনত ক্ৰ’ছেনিনিক’ভ আগ্নেয়গিৰি উদগিৰণ হৈছিল। এই আগ্নেয়গিৰি উদগিৰণৰ ফলত সৃষ্টি হোৱা ছাইৰ ধোৱা প্ৰশান্ত মহাসাগৰৰ পূব দিশে আগবাঢ়িছে। অৱশ্যে ইয়াৰ বাবে কোনো জনবসতি থকা অঞ্চলত ক্ষতি নহয়। আগ্নেয়গিৰিটোৰ ২০০ কিলোমিটাৰ উত্তৰ থকা অঞ্চলসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থক হৈছে। প্ৰশাসনে সেই অঞ্চলত বাস কৰা লোক আৰু পৰ্যটকসকলক সেই ঠাইৰ আন সক্রিয় আগ্নেয়গিৰিসমূহৰ যাতে নাযায় তাৰ বাবে আহ্বান জনাইছে।
Site Admin | August 3, 2025 7:42 PM | Russia Krasheninnikov volcano erupted
ৰাছিয়াৰ কামচাটকা উপদ্বীপত থকা ক্র’ছেনিনিক’ভ আগ্নেয়গিৰি ৬০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে উদগিৰণ