ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাছিয়াত এগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যুৰ ঘটনাত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ

ৰাছিয়াত এগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যুৰ ঘটনাৰ বিষয়ে ভাৰতে মস্কো মহল আৰু নতুন দিল্লীত থকা ৰাছিয়াৰ দূতাবাসৰ ওচৰত উত্থাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ৰুছ সেনা বাহিনীৰ হৈ কাম কৰি থকা বাকী ভাৰতীয় নাগৰিকসকলক শীঘ্ৰে সেৱা মুক্ত কৰিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি এটা বিবৃতিযোগে ৰাচিয়াৰ সেনা বাহিনীত নিয়োজিত কেৰালাৰ এগৰাকী লোকৰ মৃত্যুক লৈ গভীৰ শোক প্রকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে কৈছে যে, কেৰালাৰ আন এগৰাকী লোক আহত হৈছে আৰু তেওঁ সম্প্ৰতি মস্কোৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মস্কোত থকা ভাৰতীয় দূতাবাসে দুয়োগৰাকী লোকৰ পৰিয়ালবৰ্গৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে আৰু তেওঁলোকক যথাসম্ভৱ সহায় আগবঢ়াইছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ৰ বিবৃতিটোত নিহত ভাৰতীয় নাগৰিকগৰাকীৰ পাৰ্থিৱ শৰীৰ শীঘ্ৰে ভাৰতলৈ প্ৰেৰণ কৰাৰ বাবে ৰাছিয়াৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলি উল্লেখ কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।