ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাইজিং নৰ্থ-ইষ্ট শীৰ্ষ সন্মিলনৰ প্ৰশংসা কৰি উত্তৰ পূৰ্বাঞ্চল বিভিন্ন ক্ষেত্ৰত অভিনৱ বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি সামৰণি পৰা ৰাইজিং নৰ্থ-ইষ্ট শীৰ্ষ সন্মিলনৰ প্ৰশংসা কৰি উত্তৰ পূৰ্বাঞ্চল বিভিন্ন ক্ষেত্ৰত অভিনৱ বুলি মন্তব্য কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আজি তেওঁ উত্তৰ-পূবক ভূয়সী প্রশংসা কৰে। ছিকিমৰ পৰম্পৰাগত হস্ততাঁত-বস্ত্ৰশিল্পৰ, আধুনিকতাৰ সৈতে সংমিশ্রন ঘটাই থলুৱাভাৱে আকর্ষণীয় বস্ত্ৰ সামগ্রী উৎপাদন কৰা Crafted Fibers নামৰ প্ৰতিষ্ঠানটোৰ প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। এগৰাকী পশু চিকিৎসকৰ উদ্যোগত ভেড়া আৰু শহাপহুৰ নোমৰ পৰা উৎপাদিত ঊণক প্ৰাকৃতিক ৰঙৰ জৰিয়তে আকর্ষণীয় উৰা কাপোৰ, মোজা আদি প্ৰস্তুত কৰা এই প্রতিষ্ঠানে স্থানীয় লোকসকলৰ দক্ষতা বৃদ্ধি কৰি তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। অপাৰেচন সিন্দূৰে সমগ্ৰ বিশ্বতে সন্ত্রাসবাদ বিৰোধী যুঁজত ভাগ লোৱাসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই অভিযানৰ সময়ত দেশৰ সশস্ত্র বাহিনীসমূহে প্ৰদৰ্শন কৰা সাহসিকতাৰ শলাগ লয়। সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদীৰ ঘাটিসমূহ স্থিৰ লক্ষ্যৰে আঘাত হানি ধ্বংস কৰা সুনির্দিষ্ট অভিযানক প্ৰশংসা কৰাৰ লগতে তেওঁ কয় যে সম্প্রতি সমগ্র দেশেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিছে আৰু ইয়াৰ অৱসান ঘটোৱাৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছে। অপাৰেচন সিন্দূৰ কেৱল এটা সামৰিক অভিযানেই নহয়, বৰঞ্চ ই দেশবাসীৰ সাহস আৰু সংকল্পবদ্ধতাৰ প্ৰতিফলন ঘটাইছে বুলি তেওঁ মত প্ৰকাশ কৰে। দেশৰ ভিন ভিন মহানগৰৰ লগতে সৰু সৰু চহৰ আৰু গাঁওসমূহতো তিৰংগা যাত্ৰাৰ আয়োজন কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে সশস্ত্র বাহিনীৰ সন্মানার্থে হাজাৰ হাজাৰ লোক ত্ৰিৰংগ পতাকা লৈ ৰাজপথলৈ ওলাই আহিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।