October 27, 2025 12:16 PM | south asian athelatics

printer

ৰাঁচীত অনুষ্ঠিত চতুর্থ ছাউথ এছিয়ান ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ চেম্পিয়নৰ খিতাপ দখল

ৰাঁচীৰ বীৰচা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত চতুর্থ ছাউথ এছিয়ান ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰি আঞ্চলিক এথলেটিকত আধিপত্য পুনৰ নিশ্চিত কৰে। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাখনত ভাৰতে ২০টা সোণসহ মুঠ ৫৮টা পদকেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে ১৬টা সোণসহ মুঠ ৪০টা পদকেৰে শ্ৰীলংকা দ্বিতীয় স্থানত থাকে। দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকেৰে নেপাল তৃতীয় স্থানত থকাৰ লগতে বাংলাদেশ আৰু মালদ্বীপ ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থানত থাকে। ভূটানে এই প্ৰতিযোগিতাত এটাও পদক নোহোৱাকৈ অভিযান সামৰে।