ৰঙিয়াত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

May be an image of one or more people, crowd and text

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়াত কেইবাটাও অনুষ্ঠান উদ্বোধন কৰা লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰঙিয়াৰ লোকনিৰ্মাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় আৰু অতিথিশালা মুকলি কৰাৰ লগতে নতুনকৈ সাজি উলিওৱা ক্লক টাৱাৰো উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। May be an image of one or more people and crowd

আজি এই আঁচনিৰ জৰিয়তে প্রায় ৩৩ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰা হয়। অহা জানুৱাৰী মাহৰ ভিতৰত এই আঁচনিত ৩২ লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি জানিবলৈ দিয়ে। May be an image of dais and temple

২০২৬ চনত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বিষয়ে মন্তব্য কৰি তেওঁ কয়, যে বিধানসভা নিৰ্বাচনত ১২৬টা সমষ্টিত বিজেপিয়ে প্রার্থিত্ব দিয়াৰ সম্ভাৱনা আছে। নৱ প্ৰজন্মক প্রার্থিত্ব দিয়াৰ সন্দৰ্ভত সমষ্টিবাসীৰ সিদ্ধান্তই চূড়ান্ত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।

May be an image of dais and text

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।