June 19, 2024 9:03 PM | Jual Oram

printer

ৰক্তাল্পতা ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ ভাষণ

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি কৈছে যে, কেৱল জনজাতীয় লোকসকল ৰক্তাল্পতা ৰোগত ভূগে বুলি সমাজত এটা ভুল ধাৰণা আছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত আয়োজিত ৰক্তাল্পতা ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি বিষয়ক এখন ৰাষ্ট্ৰীয় সন্মিলনত সমবেত লোকসকলক সম্বোধন কৰি শ্ৰীওৰামে কয় যে এই ৰোগে যিকোনো লোককে আক্রান্ত কৰিব পাৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অধিক সংখ্যক জনসাধাৰণ এই সন্দৰ্ভত সজাগ হোৱা উচিত। তেওঁ লগতে কয় যে, এই ৰোগৰ চিকিৎসাক মানৱীয় বিকাশৰ দৃষ্টিভংগীৰে চোৱা উচিত । তেওঁ লগতে এই ৰোগৰ পৰা হাত সাৰিবৰ বাবে গাওঁ পঞ্চয়ত আৰু অঙ্গনবাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ কাম-কাজ অতি গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে। কেইবাটাও মন্ত্ৰালয় তথা বিভাগ এই সন্দৰ্ভত থকা প্ৰত্যাহ্বান সম্পৰ্কে অৱগত নহয় বুলি উল্লেখ কৰি তেওঁ বিভাগসমূহৰ মাজৰ আন্তশৃংখলা পূর্ণ সহযোগিতা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত কেইবাগৰাকীও চিকেল চেল ৰোগীৰ সৈতে মত বিনিময় কৰে। আকাশবাণীৰ সংবাদদাতাৰ সৈতে মত বিনিময় কৰি হিমটলজী বিভাগৰ অধ্যাপক ড° প্রভাস মিশ্রই কয় যে এই ৰোগ শীঘ্ৰে চিনাক্তকৰণৰ বাবে প্রান্তীয় অঞ্চলসমূহত সুলভ মূল্যত ৰক্তাল্পতা ৰোগ পৰীক্ষণৰ ব্যৱস্থা কৰা উচিত। আনহাতে, হিমট অনক’লজিষ্ট ড° দীনেশ পেণ্ডাৰকাৰে কয় যে, ৰক্তাল্পতা ৰোগৰ লক্ষণাক্রান্ত লোক শীঘ্ৰে সমীপৰ স্বাস্থ্য কেন্দ্ৰলৈ যোৱা উচিত।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।